অসম আমাৰ ৰূপহী
অসম আমাৰ ৰূপহী, ঘুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ ।
গোটেই জীৱন বিচাৰিলেও
অলেখ দিৱশ ৰাতি,
অসম দেশৰ দৰে নেপাওঁ
ইমান ৰসাল মাটি ।
চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ ।
ব'হাগতে আমাৰে আই
মহুৰা হৈ ঘূৰে
মাঘত সোঁণৰ হাতেৰে
লখিমী আদৰে ।
শৰৎ নিশাই তৰাৰে সজায় আইৰে বেশ
ভাৰতৰে পৰ্ব দিশৰ সূৰ্য উঠা দেশ ।
পাহাৰ ভৈয়াম একে কৰা ৰামধেনুৰেই দৰে
তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে
লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ
জন্ম ললোঁ ইয়াতেই,ইয়াতে যেন মৰোঁঁ,
পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ ।
[ড°ভূপেন হাজৰিকা]
অসম আমাৰ ৰূপহী, ঘুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ ।
গোটেই জীৱন বিচাৰিলেও
অলেখ দিৱশ ৰাতি,
অসম দেশৰ দৰে নেপাওঁ
ইমান ৰসাল মাটি ।
চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ ।
ব'হাগতে আমাৰে আই
মহুৰা হৈ ঘূৰে
মাঘত সোঁণৰ হাতেৰে
লখিমী আদৰে ।
শৰৎ নিশাই তৰাৰে সজায় আইৰে বেশ
ভাৰতৰে পৰ্ব দিশৰ সূৰ্য উঠা দেশ ।
পাহাৰ ভৈয়াম একে কৰা ৰামধেনুৰেই দৰে
তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে
লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ
জন্ম ললোঁ ইয়াতেই,ইয়াতে যেন মৰোঁঁ,
পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ ।
[ড°ভূপেন হাজৰিকা]

No comments:
Post a Comment