এটা বুঢ়া আৰু এজনী বুঢ়ী আছিল । এদিন বুঢ়া-বুঢ়ী দুয়ো মাগিবলৈ যাওঁতে বুঢ়াই এটি বগৰীগুটি আৰু বুঢ়ীয়ে এটি কড়ি পালে । দুয়ো ঘৰলৈ গৈ ভালকৈ মাটি এডোখৰ উলিয়াই বগৰী আৰু কড়ি পচাই থলে । অৱশেষত কড়ি পচি গল, বগৰী গুটিৰ এটা পুলি গজি এজোপা গছ হৈ বগৰী লাগি পকি আছে । বুঢ়াই সদায় বগৰী ৰখিবলৈ মানুহ বিচাৰি ফুৰিছে, এনেতে ওপৰেদি এটা কাউৰী উৰি যোৱা দেখি সুধিলে, হেৰ কাউৰী, হেৰ কাউৰী, তই মোৰ বগৰী ৰাখিব পাৰিবি নে? সি ঘপ্ কৰে তাত সংশয় নাই, বুলি উত্তৰ দিলে । বুঢ়াই কলে, বাৰু তোৰ মাতটো মোক মাতি শুনাচোন । তেতিয়া সি ,কা কা,কৰি মাতিবলৈ ধৰিলে । তাৰ মাত শুনিয়েই বুঢ়াৰ খং উঠি কলে, যা, যা,যা, তই মোৰ বগৰী খাবিহে,। তাৰ অলপ পাছতে এটা বগৰী ওপৰেদি উৰি যোৱা দেখি খুধিলে, হেৰ বগৰী তই মোৰ বগৰী ৰখিব পাৰিবি নে ?
বগলীয়ে উত্তৰ দিলে, পাৰিম তো, নোৱাৰাৰ কাৰণ কি ? বুঢ়াই কলে, বাৰু মোক তোৰ মাতটো মাতি শুনাচোন । তেতিয়া বগলীয়ে ,কক্ কক্ কৰে, মাতিবলৈ ধৰিলত তই বগৰী খাবিহে, বুলি পূৰ্বৰ দৰে বঢ়াই তকো খেদাই দিলে । অৱশেষত এটা ফেঁচু ওপৰেদি উৰি যোৱা দেখি সি সুধিলে, হেৰ ফেঁচু তই মোৰ বগৰী ৰখিব পাৰিবি নে ? ফেঁচুৱে কলে , যদি তুমি কোৱা মই ৰাখিব পাৰো । বঢ়াই কলে , বাৰু ,তই তোৰ মাতটো মাতি মোক শুনচোন, ফেঁঁচুৱে মাতিবলৈ ধৰিলে । ফেঁচু চু ফেঁচাই মৰা । মেই ফেঁচু মানুহ মৰা ।। মাত শুনা মাএকে বুঢ়াই তাক বগৰী লখিবলৈ হুকুম দিলে । ফেঁচু বগৰী ৰখিবলৈ লাগিব । এদিন এজন ৰজাই পহু মাৰিবলৈ গৈ সেই গছৰ গুৰি পাই জনদিয়েক মানুহক গছত উটি বগৰী পাৰিবলৈ দিলে । মানুহকিটা ফুটাই দিলে । মানুহকিটা নিৰুপায় হৈ মাটিত পৰিল । ৰজাই তাকে দেখি বহুত পুৰুষাৰ্থ কৰি ফেঁচুটো ধৰাই লৈ তেওঁৰ ৰাণীহঁতৰ হাতত দিলে আৰু কলে , মোক এইটো আজি গধূলি কৈ ভাজি দিব লাগিব । ৰজা আকৌ চিকাৰলৈ গলত, তেওঁৰ ঘৈণীয়েক সাতোজনী একেলগে গোট খাই ধেমেলীয়া সাধু কোৱাকুই কৰি আনন্দ লভি আছে, তাকে দেখি ফেঁচুটোৱেও লাহেকৈ মাত লগালে, বাইদেউ হঁত, মই খুব ভালকৈ গান গাব পাৰোঁঁ ,
নাচিবও পাৰোঁ । এই কথা শুনি তেওঁলোকে ৰং পাই চৰাইটোক গান গাবলৈ মোকোলাই দিলে । চৰাইটোয়ে তেওঁ লোকৰ আগত বহুত সময় ঘূৰি ঘূৰি নাচি আছিল । তেওঁলোকে যেতিয়া নাচ দেখি আনন্দত বিভোল হল । তেতিয়া সি উৰি লৰ মাৰিলে । তেতিয়া সিহঁত আটাইকেইটা বিবুধি হৈ, চুক- ভেকুলী এই বিচাৰি আনি ভাজি ৰজাক গধূলি ভাতৰ লগত খাবলৈ দিলে । ৰাতিপুৱা ৰজাই শুই উঠি হাতত লোটা লৈ মুখ ধুবলৈ ধৰিলে, এনেতে ফেঁচুটো উৰি আহি ৰজাক সম্বোধন কৰি কলে, হেৰ ৰজা , কালি তই মোক খাব নোৱাৰিলি, খালি ভেকুলী ভজা । ৰজাই আচৰিত হৈ এজনী এজনীকৈ আটাইকেউজনী ঘৈণীয়েকক সুধিলে, কিন্তু সৰুজনীৰ বাহিৰে এজনীয়েও সঁচা উত্তৰ নিদিলে । ৰজাই খং উটি ডাঙৰ কেইজনীক হাতীৰে গচকাই মাৰিলে আৰু সৰুজনীক ৰাণী পাতি লৈ খাই বৈ থাকিল ।

No comments:
Post a Comment