এক নদীৰ কাষত এক ফেঁচাই এজোপা গছৰ
খোৰোঙত বাঁঁহ লৈ আছিল ।সেই গছৰ তলেদি এক গজেন্দ নামেৰে হাতীয়ে সদায় পানী খাবলৈ অহা-যোৱা কৰিছিল । দৈবাৎ এদিন ফেঁচাই বাঁহ লোৱা গছজোপা হালি পৰিল । ফেঁচাই একো উপাই নাপাই হাতীৰ সৈতে সখি বন্ধাই সেই গছডাল পোন কৰি ল,লে । সেই দিনাৰপৰা ফেঁচা আৰু হাতী দয়ো দুয়োৰো মহা আলহী হল ।
এদিন পাৰ্বতীৰ বাঘে সমাজিক দেখিলে যে সি গজেন্দ হাতীৰ মূৰটো খাইছে । স্বপ্নৰ ফলত কথা বাঘে মহাদেৱক সোধাত মহাদেৱে বাঘক কলে,স্বপ্নত দেখিছে যেতিয়া, তই গজেন্দৰ মূৰটো খাব পাৰ । যা খা গৈ । বাঘে মহাদেৱৰ কথা শুনি সেই নদীৰ কাষলৈ গৈ হাতীলৈ ৰৈ আছে । সিফালৰ পৰা হাতী পানী খাবলৈ আহোতে বাঘে হাতীক কলে, ককাই,আজি তোৰ মূৰটো সমাজিকত খাইছিলোঁ, পিছে দিঠকতো খাব পায় নে বুলি মই মহাদেৱক সোধাত মহাদেৱে খাবলৈ মোক আজ্ঞা দিছে, এতেকে এতিয়া মই তোক খাঁও । তই কি কৰ কৰি ল বেগতে । বাঘৰ কথা শুনি হাতীৰ মহা ভয় হল আৰু সি একো নামাতি ৰৈ থাকিল । ফেঁচাই সখিয়েকৰ ভয় দেখি বাঘক কলে, বাৰু মহাদেৱে
যদি তোমাক খাবলৈ দিছে খাবা, তাত কোনো কথা নাই, কিন্তু কথাটো সঁচা নে মিছা আমি এবাৰ মহাদেউক সুধি লওঁঁ । এতেকে বলা আমি তিনি ও মহাদেউৰ ওচৰলৈ যাওঁ । বাঘ ফেঁচাৰ কথাত সম্মত হলত তিনিও মহাদেৱৰ ওচৰলৈ বুলি বাট বুলিবলৈ ধৰিলে । কিন্তু ফেঁচাই সিহঁতক পাচ পেলাই আগেয়ে গৈ মহাদেৱৰ আগত পৰি টোপনিৰ ভাও জুৰি তাৰ মূৰটো নচুৱাব ধৰিলে । মহাদেৱে, ফেঁচাৰ কি হৈছে, বুলি সোধাত ফেঁচাই চক্ মক্ খাই সাৰ পোৱা যেন দেখুৱাই কলে, প্ৰভু, মই এতিয়াই স্বপ্নত পাৰ্বতীক বিয়া কৰাইছিলোঁ । পাছে দিঠকতো বিয়া কৰিবলৈ পাম নে নেপাম, মহাদেৱে কলে , স্বপ্নত ,পালি বুলিয়েই পাবি নে ? নেপাৱ । ফেঁচাই কলে ,কিয় , তেনেহলে বাঘে নো কেনেকৈ স্বপ্নত গজেন্দক খোৱা দেখি দিঠকত খাবলৈ পালে । মহাদেৱে কলে , অ, বাঘেও গজেন্দক খাব নোৱাৰে । এনেতে হাতী আৰু বাঘ আহি ওলালহি । বাঘে হাতীক খাব নোপোৱা শুনি বিমষ হৈ ৰল , হাতীয়ে ফেঁচাৰে সৈতে ৰং মনেৰে গুচি আহিল ।
![]() |
| Tigerjashimahmed310.blogpost.com |

No comments:
Post a Comment